text
stringlengths
0
188k
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>পাশ্চাত্যৰ এগৰাকী প্ৰসিদ্ধ গায়িকা জুলীয়া মাইকেল্সে বিগত সময়ত বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাৰ সৈতে এখন ফ’টো শ্বেয়াৰ কৰিছিল টুইটাৰত ৷আৰু ইয়াৰ পিছতেই তীব্ৰ গতিত ভাইৰেল হৈ পৰে জুলীয়া মাইকেল্সৰ অনুষ্কা শৰ্মাক লৈ কৰা টুইটটো ৷ তীব্ৰ গতিত ভাইৰেল হৈ পৰা টুইটটোৱে এইবাৰ দৃষ্টি আকৰ্ষণ কৰিলে অনুষ্কা শৰ্মাক ৷ জুলীয়া মাইকেল্সে টুইট কৰিছিল যে" Hi Anushka Sharma,apparently we are twins lol" ৷ এই উত্তৰত অনুষ্কাৰ উত্তৰ OMG Yes! I have been looking for you and the remaining 5 of our dopplegangers all my life.
https://twitter.com/AnushkaSharma/status/1092802826298904577
ইয়াৰ পিছতেই জুলীয়াই কি প্ৰতিক্ৰিয়া দিলে চাওঁ আহক।
https://twitter.com/juliamichaels/status/1092881314582224897
ইয়াৰ পিছতেই জুলীয়া-অনুষ্কাৰ সাদৃশ্যক লৈ বিভিন্ন জনৰ প্ৰতিক্ৰিয়া এনেধৰণৰ
https://twitter.com/ichbin009/status/1092882878269194242
https://twitter.com/sangeetdeshmukh/status/1092900838035476480
আমোদ জনক কথা যে জুলীয়া আৰু অনুষ্কাৰ সাদৃশ্যত প্ৰশ্নৰ সন্মুখীন হৈছছিল অনুষ্কাৰ শৰ্মাৰ স্বামী ক্ৰিকেটাৰ বিৰাট কোহলী ৷ কোনোৱে আকৌ বিৰাট কোহলীলৈ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ পিছত অনুষ্কাই নিজৰ নাম পৰিৱৰ্তন কৰিলে নেকি বুলিও প্ৰশ্ন কৰে ৷ উল্লেখ্য যে বলীউডত নিজৰ সাৱলীল অভিনয়েৰে,নিজৰ দক্ষতাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অনুষ্কা শৰ্মাই শেহতীয়াকৈ পিপুল্স ফৰ এথিকেল ট্ৰিটমেন্ট অফ এনিমেলছ(PETA)ৰ ৱেবচাইটৰ ভোটৰ অনুসৰি India's Hottest Vegetarians ৰ খিতাপ লাভ কৰে৷অৱশ্যে ২০১৫ চনত অনুষ্কাই এই খিতাপ লাভ কৰিছিল ৷
উল্লেখ্য যে,দুবাৰকৈ এই খিতাপ লাভ কৰা একমাত্ৰ মহিলা হিচাপে পৰিগণিত হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মা ৷২০১৭ চনত পেটা ইণ্ডিয়াৰ পাৰ্চন অৱ দ্য ইয়েৰ খ্যাত অনুষ্কা শৰ্মাই পেটা ইণ্ডিয়াৰ কাৰণে এক বিজ্ঞাপনত অংশ লয় ৷ আৰু ঘোষণা কৰে যে "I Am Anushka Sharma,I'm a Vegetarian"৷ইফালে অনুষ্কা শৰ্মাই জীৱ জন্তুসমূহৰ কাৰণে সততে বিভিন্ন পদক্ষেপ লৈ থকা কথাই চৰ্চা লাভ কৰি থাকে ৷ সদ্যহতে জীৱ জন্তু সুৰক্ষিত কৰিবৰ কাৰণে মুম্বাইৰ এক অঞ্চলত পশুৰ আশ্ৰয় গৃহ মুকলি কৰাৰ কাৰণে এক পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে অনুষ্কাই।
লগতে জীৱ জন্তুসমূহৰ সুৰক্ষা কৰিবৰ কাৰণে বিভিন্ন জাগৰণ সম্বন্ধীয় প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে অনুষ্কাই ৷ উল্লেখ্য যে অভিনেত্ৰী অনুষ্কা শৰ্মাই নিৰামীষ আহাৰ খোৱাৰ ক্ষেত্ৰত কয় যে নিৰামীষ আহাৰ কোৱাৰ সিদ্ধান্তটো আছিল মোৰ জীৱনৰ আটাইতকৈ উচিত নিৰ্ণয় ৷ মই নিজেই বহুত স্বাস্থ্যবান অনুভৱ কৰোঁ ৷লগতে মোৰ খাদ্যৰ কাৰণে কোনো জীৱই আঘাত নোপোৱাটো মোৰ কাৰণ বহুত সুখৰ কথা ৷
সম্প্ৰতি অভিনেত্ৰী গৰাকী নিজৰ গতানুগতিক কৰ্মসূচীলৈ উভতি আহিছে ৷ সততে চৰ্চাত থকা বলীউডৰ এই যুটিটোৱে তেওঁলোকৰ সুন্দৰ ফ’টোসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷ সম্প্ৰতি,এই ফ’টোসমূহৰ জৰিয়তে বহু কথা শিকিব পাৰিছে বিৰাট অনুষ্কাৰ অনুৰাগীসকলে ৷ ইফালে,অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা ভিডিঅ’ আৰু ফ’টো শ্বেয়াৰ কৰিছে ৷অৱশ্যে,সততে দেখা যায় যে বি টাউনৰ চেলীব্ৰেটীসকলৰ এটা ভিডিঅ’ বা ফ’টো ভাইৰেল হ’বলৈ বেছি সময় নালাগে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us
Contact
The Sentinel Building,
G.S. Road, Six Mile, Guwahati
Assam. Pin - 781022
Ph: 0361 2229312, 0361 2262048
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
Powered By Hocalwire
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভটীয়াপাৰ ৰূপহীমুখ গাঁৱৰ পংকজ হাজৰিকা নামৰ বিবাহিত যুৱকজনৰ যোৱ শুকুৰবাৰে নিশা শহুৰয়েকৰ ঘৰত শুই থকা অৱস্থাতে মৃত্যু ঘটে।
ঘটনাৰ বিৱৰণি মতে গাওঁখনৰ নিবাসী প্ৰয়াত দিলীপ হাজৰিকাৰ পুত্ৰ পংকজ হাজৰিকা ব্যৱসায়ৰ সূত্ৰে পৰিয়ালসহ গুৱাহাটীত অস্থায়ীভাৱে বসবাস কৰে। কিন্তু কেইদিনমানৰ পূৰ্বে গুৱাহাটীৰ পৰা অহা যুৱকজনে ৰূদ্ৰসাগৰত থকা শহুৰেক বাপুকন দাসৰ গৃহতে আছিল।
আন দিনৰ দৰে শুকুৰবাৰেও যুৱকজনে নিশা শহুৰৰ ঘৰৰ পৰিয়ালৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰি শহুৰেকৰ সৈতে একেখন বিচনাতে শুই পৰে।
কিন্তু পিছদিনা পুৱা পৰিয়ালৰ লোকে জোঁৱায়েক শুই নুঠাত আৰু কোনো মাত কথা নোহোৱাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।
আনহাতে অমায়িক যুৱকজনৰ মৃত্যুত ৰূপহীমুখ বটবৃক্ষ সাংস্কৃতিক গোষ্ঠী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰূদ্ৰসাগৰ আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূদ্ৰসাগৰ আঞ্চলিক সমিতি, ৰূপহীমুখ বৰনামঘৰ পৰিচালনা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময়ত যুৱকজনে মাতৃ, পত্নী, এটা পুত্ৰ, এগৰাকী জীয়ৰী আৰু ভাতৃসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।
Recent News
বৰ্তি থকাৰ যুঁজ! মেক্সিকোৰ বিৰুদ্ধে ২-০ গ’লত জয় আৰ্জেণ্টিনাৰ; ছন্দলৈ উভতিল মেছি
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতৰ ভোটাৰসকলে এটা ব্যতিক্ৰম ধৰণৰ নিৰ্বাচনী অভিযানৰ মুখামুখি হৈছিল। সেয়া আছিল ডিজিটেল মাধ্যমত কৰা জোৰদাৰ প্ৰচাৰ। ৰাজনৈতিক দলবোৰে ভোটাৰৰ কাষ চাপিবৰ বাবে পৰম্পৰাগত মাধ্যমবোৰতকৈ ছ’চিয়েল মিডিয়াক বেছি ব্যৱহাৰ কৰিছিল।
ঘাইকৈ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াক অধিক গুৰুত্ব সহ লৈছিল। ছচিয়েল মিডিয়াৰ যোগেদি সহজ আৰু প্ৰান্তীয় অঞ্চলতো প্ৰচাৰ চলোৱাৰ সুবিধা লৈছিল দলটোৱে। তাৰ সুফলো পাইছিল দলটোৱে। তাৰ পিছৰ প্ৰায় সকলো নিৰ্বাচনতে প্ৰায়বোৰ দলৰ বাবেই ডিজিটেল মিডিয়া হৈ পৰিছে অন্যতম প্ৰচাৰ মাধ্যম।
অলপতে নিৰ্বাচন হ’ব লগীয়া মেঘালয়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানতো এই ছবি প্ৰতিফলিত হৈছে। ৰাজ্যখনৰ বিভিন্ন দলে সামাজিক মাধ্যম আৰু আন আন ডিজিটেল মাধ্যমক গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে। আটাইকেইটা প্ৰদান দলৰে টুইটাৰ, য়ু টিউব, ফেচবুক আৰু ইনষ্ট্ৰাগ্ৰামত সবল উপস্থিতি দেখা গৈছে।
এন পি পি দলৰ এটা ফেচবুক পোষ্ট।
কংগ্ৰেছৰ মুকুল চাংমাক ছিচিয়েল মিডিয়াত সঘনে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ’, ফটো আপডেইট দি থকা দেখা গৈছে। তেওঁৰ শেহতীয়া এটা ফেচবুক আপডেইট আছিল এনে ধৰণৰ : “We Meghalayans are strong. But we must also realize that true strength is keeping everything together when everyone expects us to fall apart. We must ensure that we stay united, not divided. They will try, but will fail. We shall overcome!”
এনে বাৰ্তাৰ যোগেদি তেওঁ কেৱল ভোটাৰকে লক্ষ্য কৰা নাই, বিৰোধীৰ প্ৰতিও শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।
আনহাতে যোৱা শুকুৰবাৰৰ এটা পোষ্টত তেওঁ লিখিছে, ‘যদি তেওঁলোকে আমাৰ বিষয়ে অসত্য প্ৰচাৰ বন্ধ কৰে, আমি তেওঁলোকৰ সঁচা কথাবোৰ কোৱা বন্ধ কৰিম।’
প্ৰায়বোৰ দলৰে প্ৰধান নেতাবোৰে নিজৰ নিজৰ বাৰ্তা ভোটাৰলৈ প্ৰেৰণ কৰিবলৈ নিজৰ ডিজিটেল প্লেটফৰ্ম বা পেইজ সৃষ্টি কৰি ব্যৱহাৰ কৰা দেখা গৈছে। এই পেইজবোৰৰ নামবোৰো দিয়া হৈছে একোটা একোটা শ্ল’গানৰ দৰে, যেনে- ‘I support Mukul Sangma’, ‘Not my NPP’, We need change in Meghalaya’, ‘We care for Meghalaya’ আদি।
দলবোৰে উন্নত মানৰ অডিঅ’-ভিডিঅ’ আৰু ইমেইজ প্ৰস্তুত কৰিবলৈ উন্নত মানৰ টুল ব্যৱহাৰ কৰা দেখা গৈছে।
আনহাতে এন পি পিৰ কনৰাড চাংমাই Wave of NPP নামৰ এটা ৫ মিনিটীয়া ভিডিঅ’ৰ জৰিয়তে মুকুল চাংমাক এজন একনায়কত্ববাদী নেতা বুলি দেখুৱাবৰ চেষ্টা কৰিছে।
বিজেপি দলৰ এটা ফেচবুক পোষ্ট।
কনৰাড চাংমাৰ দলটোৱে তেওঁলোকৰ ছ’চিয়েল মিডিয়াৰ পোষ্টবোৰৰ জৰিয়তে কংগ্ৰেছ চৰকাৰখনৰ ব্যৰ্থতাবোৰ, যেনে- মহিলাৰ বিৰুদ্ধে বৰ্ধিত অপৰাধ, নিয়োগহীনতা আদি দাঙি ধৰি কংগ্ৰেছ দলটোক বিব্ৰত কৰিছে। দলটোৰ পেইজৰ এটা পোষ্টত কোৱা হৈছে- “Crimes against women have increased in Meghalaya and tragically the conviction rate is very low. We must all come together to change mind-sets and overhaul the system to put an end to this!”
বৰ সুবিধা কৰিব নোৱৰা ৰাষ্ট্ৰীয় দল বিজেপিয়ে ডিজিটেল মাধ্যমত প্ৰধান মন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ ছবি দেখুৱাবৰ যত্ন কৰিছে। দলটোৱে কংগ্ৰেছৰ বিফলতাবোৰো দাঙি ধৰাৰ চেষ্টা কৰিছে।
বিজেপি থকা সত্ত্বেও কংগ্ৰেছ আৰু এন পি পি দলে পৰস্পৰকে ডিজিটেল মাধ্যমত মূল লক্ষ্য হিচাপে লোৱা দেখা গৈছে।
Recent News
বৰ্তি থকাৰ যুঁজ! মেক্সিকোৰ বিৰুদ্ধে ২-০ গ’লত জয় আৰ্জেণ্টিনাৰ; ছন্দলৈ উভতিল মেছি
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন সময়ত চুতীয়া জনগোষ্ঠীক কেৱল এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্রতিবাদকাৰী সকলে।
চুতীয়া জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰা আৰু ষষ্ঠ অনুসূচীৰ আধাৰত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ প্রদান কৰাৰ লগতে কেইবাটাও দাবীৰে সামাজিক দূৰত্ব বজায় ৰাখি শনিবাৰে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী নিজে এজন সোণোৱাল কছাৰীৰ লোক হৈও চুতীয়া লোকসকলৰ সমষ্যা আৰু আৱেগ অনুভূতি বুজি নোপোৱাটো দুখজনক কথা বুলি অভিহিত কৰে।
সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি ৰজনী চুতীয়াই কয় যে, যদিহে তেওঁলোকৰ দাবী সমূহ আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মানি নলয় তেন্তে গেৰুৱা চৰকাৰখনে চুতীয়া জনগোষ্ঠীৰ ভোটৰ পৰা বঞ্চিত হ’ব।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 17 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>পৰিপক্ক সংগঠনে জনসাধাৰণক শিকায়ো, জনসাধাৰণৰপৰা শিকেও। কেব-বিৰোধী, কা-বিৰোধী আন্দোলনত অসমৰ জনসাধাৰণে এক প্ৰজ্ঞা-সমুজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছিল– আছুৱে তাৰপৰা যথোচিত পাঠ...
“অপপ্ৰচাৰ”ৰ অপপ্ৰচাৰ
ভাৰতীয় জনতা পাৰ্টি খুবেই সতৰ্ক দল। কেঁচা, অপটু কাম কৰা ভকত তেওঁলোক নহয়। সহজে নাকচ হৈ যাব পৰা প্ৰচাৰ তেওঁলোকে...
অসমত ধৰ্ম-প্ৰদৰ্শনৰ বা-মাৰলি : কাৰণ-পূৰণ আৰু তাৎপৰ্য্য
কেইবছৰমানৰ পৰা অসমত ধৰ্ম-পালন-প্ৰদৰ্শনৰ প্ৰকোপ অস্বাভাৱিকভাৱে চৰিছে। চৰকাৰৰ পৃষ্ঠপোষকতাতে নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক, ব্ৰহ্মপুত্ৰ পুষ্কৰ আদি বিগ বাজেটৰ ধৰ্মানুষ্ঠান সমাধা...
নাগা বিদ্ৰোহৰ পটভূমি আৰু ইতিহাস, শান্তি-আলোচনা আৰু সংশয়
পটভূমি নাগাপাহাৰ ব্ৰিটিছৰ অধীনলৈ যায় ১৮৮১ চনত আৰু নগা সম্প্ৰদায়ৰ শ শ জনজাতিৰ প্ৰতিনিধিত্ব কৰা নগা ক্লাবৰ জন্ম হয় ১৯১৮...
অ’ মোৰ সুৰীয়া মাত, অসমৰ সুৱদী মাত!
খিলঞ্জীয়াৰ নেতৃত্ব দিব খোজা এচামে ভাবে আৰু আনকো ভবাব খোজে যে অসম চুক্তিৰ ছয় নম্বৰ দফাৰ আধাৰত ‘সাংবিধানিক ৰক্ষাকৱচ’ লৈ...
মিঞা মানুহৰ ভাষাৰ আৰু আশাৰ ৰাজনীতি – কঃ পন্থা?
এই কথাত দ্বিমত নাই যে মিঞা এক অতি পৰিশ্ৰমী সম্প্ৰদায়, পানীৰ ওপৰত খেতি কৰিব পৰা সম্প্ৰদায়। এই কথাও দোহাৰিব নালাগে...
খিলঞ্জীয়া আৰু অসমীয়া : ৰক্ষাকৱচৰ পানীমিঠৈ
অসমৰ অসমীয়াভাষী লোকসকলৰ লগতে সদৌ বৈধ অসমবাসী এক বিশেষ ঐতিহাসিক সন্ধিক্ষণত আহি উপস্থিত হৈছে। এই সন্ধিক্ষণৰ কেবাটাও তাৎপৰ্যময় বিশেষত্ব দেখা...
মিঞা কবিতাৰ প্ৰসংগ : ৰাইজৰ ঐক্য যেন অটুট থাকে
প্ৰগতিশীল দৃষ্টিকোণেৰে যিসকলে অসমৰ সমাজ-জীৱনৰ কথা আলচ কৰিব খোজে, সেইসকলে দুটা দিশৰ পৰা দৃষ্টি আঁতৰ কৰিব নোৱাৰে : নিপীড়িতৰ ঐক্য...
প্ৰেৰণা পুথিভঁৰাল : এটি অসম-বিৰল, ব্যতিক্ৰমী, প্ৰেৰণাদায়ী অনুষ্ঠান
ভাৰতৰ স্বাধীনতা আন্দোলন কেৱল এক ৰাজনৈতিক আন্দোলনেই নাছিল, মানৱতাৰ উত্তৰণৰ ই আছিল এক সৰ্বাত্মক প্ৰয়াসো। সামাজিক-সাংস্কৃতিক সকলো দিশতে এক আধুনিক...