text
stringlengths
0
188k
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
News
আঞ্চলিক
শিপিনীৰ ধন আত্মসাৎ ২ চৰকাৰী বিষয়াৰ
আঞ্চলিক
Image Credit: Internet
Aug 28, 2021 | Deleted
গোৱালপাৰাঃ গোৱালপাৰাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈছে। শিপিনীসকলক অৰ্থনৈতিকভাৱে সবল কৰাৰ বাবে সাহায্য প্ৰদান কৰাৰ নামত সংঘটিত কৰিছে এই বিয়াগোম কেলেংকাৰি। প্ৰায় ৪৯ লাখ টকাৰে ১৬৩গৰাকী শিপিনীক সাহায্য প্ৰদান কৰাৰ নামত সমষ্ট ধন আত্মসাৎ বিভাগটোৰ গোৱালপাৰা জিলা কাৰ্যালয়ৰ দুগৰাকী বিষয়াৰ।
কাৰ্যালয়টোৰ সহকাৰী সঞ্চালক মিজানুৰ ৰহমান আৰু পৰিদৰ্শক বলোৰাম নাথে শিপিনীসকলক সাহায্য বিতৰণৰ ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰি আত্মসাৎ কৰিছে সমষ্ট ধন। জিলাখনৰ ১৬৩গৰাকী শিপিনীৰ প্ৰতিগৰাকীলৈ তাঁতশালৰ সৈতে নগদ ধনসহ ৩০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ নামত সংঘটিত কৰিছে এই বিয়াগোম কেলেংকাৰি।
জিলাখনৰ দুধনৈ বিধানসভা সমষ্টিৰ একাংশ শিপিনীলৈ এই সাহায্য আগবঢ়োৱাৰ নামত বিভাগটোৱে প্ৰদান কৰিছে কেইখনমান পঁচা কাঠৰ তাঁতশাল। নগদ পাঁচ হাজাৰ টকা একাউণ্টত সুমুৱাই দিয়াৰ নথি-পত্ৰ প্ৰস্তুত কৰি আজি দুবছৰলৈ প্ৰদান কৰা নাই ধন। শিপিনীসকল বেংকলৈ তাঁত-বাতি কৰিছে যদিও লাভ কৰা নাই ধন। গোৱালপাৰাৰ পূব, গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ শিপিনীসকলে লাভ নকৰিলে কোনোধৰণৰ সাহায্য।
Share :
Sponsor Ad
Click Here To Advertise With Us
Instagram Feed
Follow Us
Sponsor Ad
Click Here To Advertise With Us
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>৮ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হোৱা ২০১৯ বৰ্ষৰ সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্বৰ খেলত আজি প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ’ব অসম। অসমৰ প্ৰথম প্ৰতিদ্বন্দ্বী ঘৰুৱা দল পাঞ্জাৱ।
পাঞ্জাৱৰ গুৰুনানক ষ্টেডিয়ামৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযোগিতাখনত অসমে স্থান লাভ কৰিছে ‘বি’ গ্ৰুপত। গ্ৰুপত অসমৰ স’তে আছে কৰ্ণাটক, মহাৰাষ্ট্ৰ, পাঞ্জাৱ আৰু ছিকিম।
অসমে পৰৱৰ্তী মেচ কেইখন খেলিব ক্ৰমে ১১ এপ্ৰিলত মহাৰাষ্ট্ৰ, ১৩ এপ্ৰিলত ছিকিম, ১৫ এপ্ৰিলত কৰ্ণাটকৰ বিৰুদ্ধে।
প্ৰশিক্ষক সুবীৰ দে’ৰ তত্ত্বাৱধানত যোৱা অসম দলটোৰ অধিকাংশ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে। উল্লেখ্য যে আইজলত অনুষ্ঠিত উত্তৰ-পূব মণ্ডলৰ প্ৰাথমিক পৰ্বৰ মেচত অসমে শক্তিশালী মণিপুৰৰ লগতে অন্যান্য ৰাজ্যক পৰাস্ত কৰাৰ পাছৰে পৰা প্ৰশিক্ষকগৰাকী দলটোক লৈ যথেষ্ট আত্মবিশ্বাসী বুলি জানিবলৈ দিয়ে।
প্ৰতিযোগিতাখনৰ বাবে যোৱা অসম দলটো এনেধৰণৰ গ’লৰক্ষক— বিশু চাহু, কুন্দন ব্ৰহ্ম, ৰক্ষণ বিভাগত দ্বীপেন মৰাণ, ছাম্পা ৰংমেই, শ্যাম নাৰ্জাৰী, হিতেশ্বৰ নাৰ্জাৰী, শুভক্ষণ ৰাভা, উদিত বৰা, মিডফিল্ডত শ্যামজ্যোতি পেগু, পুলুং দৈমাৰী, ৰাকেব বসুমতাৰী, চিৰণ দ্বীপ মৰাণ, সাগৰ হাংলিম্বু, জিয়ানচুন ৰংমেই, ফ’ৰৱাৰ্ডত চিতু বসুমতাৰী, মিলন বসুমতাৰী, তুল্য দাস, আক্ৰাং নাৰ্জাৰী, ঈশাক চাংমা আৰু বিষ্ণু বৰদলৈ।
Recent News
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>কেন্দ্ৰত হিন্দুত্ববাদী বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দেশৰ সংবিধানক ধোঁৱাচাঙত তুলি, ধৰ্মনিৰপেক্ষতাক নিতৌ উপহাস কৰি মুছলমান সকলৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰে আক্ৰমণ কৰা একপ্ৰকাৰ ফেশ্যনত পৰিণত হৈছে।
কেৱল হিন্দুত্ববাদী দল-সংগঠনৰ নেতা-কৰ্মীয়েই নহয়, শাসনাধিষ্ঠ বিজেপি দলৰ নেতা-মন্ত্ৰী-বিধায়কেই এনেদৰে সাম্প্ৰদায়িক ভাষণ তথা বক্তব্যৰে বহু সময়ত চৰ্চিত হৈছে।
শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই এজন বিজেপি বিধায়কে মুছলমান বিৰোধী শ্লেষেৰে ভৰা ঘৃণামূলক ভাষণৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে।
ভিডিঅ’টোত আমেঠিৰ টিলোইৰ বিজেপি বিধায়ক মায়াংকেশ্বৰ শৰণ সিঙক নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুছলমানসকলৰ বিৰুদ্ধে ঘৃণামূলক বক্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে।
বিধায়কজনে কয়, “যদি হিন্দুস্তানৰ হিন্দুসকলে সাৰ পায় তেন্তে মুছলমানৰ দাড়ি টানি আনি বেণী গুঠি দিয়া হ’ব। যদি কোনো মুছলমান হিন্দুস্তানত থাকিব বিচাৰে, তেতিয়াহ’লে ‘ৰাধে ৰাধে’ বুলি ক’ব লাগিব। অন্যথা বিভাজনৰ সময়ত পাকিস্তানলৈ যোৱা সকলৰ দৰে এই সকলো পাকিস্তানলৈ যাব পাৰে। হিন্দুস্তানত তেওঁলোকৰ কোনো প্ৰয়োজন নাই।”
এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত তুমুল বিতৰ্কৰ সৃষ্টি হয়। এই বিতৰ্কৰ পিছতে আমেঠি আৰক্ষী বিষয়াই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
ইতিমধ্যে আৰক্ষীৰ উচ্চপ্ৰদস্থ বিষয়াই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। বিধায়কজনক এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে বুলি সদৰি কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে যোৱা সোমবাৰে পূব উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰৰ দোমাৰিয়াগঞ্জৰ বিজেপি বিধায়ক ৰাঘবেন্দ্ৰ সিঙেও এক বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল।
যদি তেওঁ সমষ্টিৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় তেন্তে মুছলমানসকলে টুপী পিন্ধাৰ পৰিৱৰ্তে কপালত তিলক ল’ব লাগিব বুলি সাৱধানবাণী শুনাইছিল ৰাঘবেন্দ্ৰ সিঙে।
এনেদৰে মুছলমানৰ বিৰুদ্ধে উচটনিমূলক ঘৃণাৰ মন্তব্যৰে সংবিধান উলংঘা কৰাৰ পিছতো শাসকীয় দলটোৰ নেতা সকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায়।
বিজেপিৰ শীৰ্ষস্থানীয় নেতা সকলেও এনে বক্তব্যৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে নিৰৱতাৰে সন্মতি তথা উদগনি যোগাৱাহে পৰিলক্ষিত হৈছে।
সময়ে সময়ে কৰি অহা এনে ঘৃণামূলক বক্তব্যই যে ভৱিষ্যতে সমাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰিব, সেয়া নাকচ কৰিব নোৱাৰি।
দেশৰ ন্যায় ব্যৱস্থাই এই সকলৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন স্বৰূপে লুধিয়ানাৰ এজন চিত্ৰকলা শিক্ষকে সিংঘূত অংকন কৰিলে এক বিশাল কেনভাছ
Anustup Roy
Translator : Rubee Barooah Das
Language
Assamese
English
Urdu
Hindi
Punjabi
Tamil
Malayalam
Gujarati
Kannada
Odia
Telugu
Bengali
Assamese
Read the story in pictures
Share
Print this story
Sonipat , Haryana
See more from this region
প্ৰবীণ কুমাৰে এহাতে ৰং তুলিকা লৈ চাৰিওপিনৰ মানুহৰ সৈতে কথা পাতিছে, পেংডাল আউজাই তেওঁ বহি থকা স্কুটাৰখনৰ কাষতে ১৮ ফুট দীঘল এখন বিশাল কেনভাছ, তাতে তেওঁ সিংঘূত কৃষকসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ ছবিবোৰ আঁকিছে।
প্ৰবীণ কুমাৰে ৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি লুধিয়ানাৰ পৰা সিংঘূলৈ আহিছে, য’ত তেওঁ চিত্ৰকলাৰ শিকোৱাৰ লগতে চিত্ৰশিল্পৰ সাধনাও কৰে। তেওঁৰ ভাষাত, নিজা সমৰ্থন আগবঢ়োৱাৰ বাধকতা অনুভৱ কৰি জানুৱাৰী মাহৰ ১০ তাৰিখেই হাৰিয়ানা-দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীত তেওঁ উপস্থিত হৈছিলহি।
“এইটো নহয় যে মই প্ৰচাৰ বিচাৰিছোঁ, ভগৱানে মোক যথেষ্টখিনি দিছে, সেইফালৰ পৰা মোৰ কোনো চিন্তা নাই। মোক এই মুহূৰ্তত সুখী কৰি ৰখা কথাটো হ’ল যে মই এতিয়া এই আন্দোলনৰ এক অংশ।”
নিজৰ ভৰি দুখনৰ পিনে দেখুৱাই তেওঁ লগতে যোগ দিলে, “মই ৭০% বিকলাংগ।” তেওঁৰ তিনি বছৰ বয়সতে পলিঅ’ ৰোগ হৈ ভৰি দুখনৰ পক্ষাঘাত হৈছিল। তেওঁৰ পক্ষাঘাত হোৱা ভৰি দুখনে কিম্বা প্ৰথমাৱস্থাত তেওঁৰ পৰিয়ালৰ অসন্তুষ্টি কোনোটোৱেই তেওঁৰ সিংঘূ যাত্ৰাত বাধা দিব নোৱাৰিলে।
৪৩ বছৰ বয়সীয়া প্ৰবীণে সেই বৃহৎ কেনভাছখনত পেইণ্টিং কৰিবলৈ লুধিয়ানাতে আৰম্ভ কৰিছিল আৰু সিংঘূ সীমান্তৰ প্ৰতিবাদস্থলীলৈ লগত কঢ়িয়াই আনিছিল। তাতে তেওঁ পথৰ ওপৰত প্ৰতিবাদকাৰীসকলৰ মাজত বহি সম্পূৰ্ণ হৈ নুঠালৈকে সেইখন অংকন কৰি গৈছিল।
PHOTO • Anustup Roy
PHOTO • Anustup Roy
প্ৰবীণ কুমাৰ, যাৰ চিত্ৰই সামৰি লৈছে প্ৰতিবাদৰ বিভিন্ন পৰ্য্যায়। তেওঁ কয়, মোক সুখী কৰা কথাটো হ’ল যে এতিয়া মই এই আন্দোলনৰ এক অংশ
সিংঘূ আৰু ৰাজধানী মহানগৰৰ সীমান্তত থকা আন প্ৰতিবাদস্থলীসমূহত লাখ লাখ কৃষকে তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে। সেই কেইখন ২০২০ চনৰ ৫ জুনৰ দিনা পোনতে অধ্যাদেশ হিচাপে জাৰি কৰা হৈছিল। তাৰ পিচত কৃষি বিধেয়ক হিচাপে সংসদত উত্থাপন কৰা হয় ছেপ্টেম্বৰৰ ১৪ তাৰিখে আৰু সেই মাহৰে ২০ তাৰিখে সেই কেইখন ততাতৈয়াকৈ আইনত পৰিণত কৰা হয়।
কৃষকসকলে কয় যে এই আইনকেইখনে সকলো শেষ কৰি পেলাবঃ কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০। ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদ ভিত্তিহীন কৰি তুলি এই আইনকেইখনে প্ৰতিজন ভাৰতীয় নাগৰিকৰ আইনী সাহায্যৰ বাট বন্ধ কৰিব বুলিও আইনকেইখন সমালোচিত হৈছে।
এই কেইখনক আইনৰ ৰূপ দি্যাৰ পিছত আৰম্ভ হোৱা প্ৰতিবাদৰ প্ৰতিটো পৰ্য্যায় প্ৰবীণৰ পেইণ্টিংখনত সন্নিবিষ্ট কৰা হৈছে। কৃষকসকলে ৰেলপথ বন্ধ কৰাৰ দিনাৰ পৰা তেওঁলোকে পানী হিলৈ আৰু কন্দুৱা গেছ সহিব লগা সময়খিনিৰ মাজেদি বৰ্তমান দিল্লী সীমান্তত দৃঢ়প্ৰতিজ্ঞ হৈ অৱস্থান লৈ থকালৈকে কেনভাছখন হ’ল এই আন্দোলনৰ খণ্ড চিত্ৰ।
তেওঁ কেনভাছখনত অতিশয় কষ্টেৰে চিত্ৰ আঁকিছে, তথাপি সেইখন পিছলৈ তেওঁ আৰু বহলাব কৰিব বিচাৰে। তেওঁ কয়, “মই এইখন শেষ দিনটোলৈ আঁকি যাব খোজো”- যেতিয়া প্ৰতিবাদে সফলতা লাভ কৰিব আৰু কৃষি আইনকেইখন বাতিল হ’ব।
অনুবাদ: ৰুবী বৰুৱা দাস
Anustup Roy
Share
Anustup Roy is a Kolkata-based software engineer. When he is not writing code, he travels across India with his camera.
Other stories by Anustup Roy
Translator : Rubee Barooah Das
Share
Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]<eot>বিমানৰ পিছত এইবাৰ বটলৰ পানী। টাটাই ভাৰতৰ সৰ্ববৃহৎ পেকেটযুক্ত পানীৰ কোম্পানী ক্ৰয় কৰিছে। টাটাই বিছলেৰী ক্ৰয় কৰিছে। সূত্ৰসমূহৰ মতে, টাটা গ্ৰুপে দেশৰ সৰ্ববৃহৎ পেকেটযুক্ত পানীৰ কোম্পানী বিছলেৰী ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে। বিছলেৰীৰ গৰাকী ৰমেশ চৌহানে কোম্পানীটো বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে।
বাতৰি অনুসৰি, ৰমেশ চৌহানে তেওঁৰ কোম্পানীটো টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডক ৬,০০০ৰ পৰা ৭,০০০ কোটি টকাত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে, ৰমেশ চৌহানৰ কন্যা জয়ন্তী ব্যৱসায়ত বৰ আগ্ৰহী নোহোৱাৰ বাবেই তেওঁ কোম্পানীটো বিক্ৰী কৰাৰ দৰে এটা ‘কষ্টকৰ’ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।
লগতে পঢ়ক: অসমলৈ প্ৰব্ৰজনৰ শংকা! মিজোৰামত কুকি-চিন বাংলাদেশী শৰণাৰ্থী; কেন্দ্ৰীয় চৰকাৰ নীতি কি?
সূত্ৰ সমূহৰ মতে, যদি টাটাই বিছলেৰী অধিগ্ৰহণ কৰে তেতিয়াও বিছলেৰী মেনেজমেণ্ট তৎক্ষণাৎ অঁতৰাই দিয়া বা ভাঙি দিয়া নহয়। ইয়াৰ বিপৰীতে টাটাই বিছলেৰী ক্ৰয় কৰাৰ পাছতো চুক্তি অনুসৰি বিছলেৰীৰ বৰ্তমানৰ মেনেজমেণ্টে আৰু দুবছৰ কাম চলাই যাব। মন কৰিকৰিব লগীয়া যে টাটাৰ এতিয়া বজাৰত হিমালয় ৱাটাৰ আছে।