audio_filepath
audioduration (s)
0.2
55.9
text
stringlengths
5
703
duration
float64
0.2
55.9
lang
stringclasses
1 value
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এয়া প্ৰত্যেকৰে সমূহীয়া সূঁহাৰি আৰু ইয়ে এনেধৰণৰ পৰিস্থিতিত দেশৰ শক্তিশালী আদৰ্শকে প্ৰতিফলিত কৰিছে
7.84
as
তেওঁ লগতে কয় যে অনাৱশ্যকীয় ভ্ৰমণ আওকাণ কৰা আৰু জনসমাৱেশৰ পৰা আঁতৰি থকা আদৰণীয় পদক্ষেপ
6.8
as
সদনৰ শূন্য কালত বিষয়টো উখাপন কৰি এলামাৰন কৰিম নামৰ সাংসদগৰাকীয়ে এই ভাইৰাছবিধে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত কৰি তুলিছে বুলি উল্লেখ কৰি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে
10.24
as
ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱে এই সন্দৰ্ভত মন্তব্য আগবঢ়াই সাংসদগৰাকীৰ পৰামৰ্শটো বিবেচনা কৰাৰ যোগ্য বুলি মত প্ৰকাশ কৰে
7.56
as
চৰকাৰকো বিষয়টো পৰীক্ষা কৰি চাবলৈ তেওঁ আহবান জনায়
2.84
as
আনহাতে ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণক লৈ ৰাজ্যসভাৰ বহুকেইগৰাকী সাংসদে আজি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰক ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়
10.16
as
এ আই এ ডি এম কেৰ এছ আৰ বালা সুব্ৰমণিয়মে দেশত ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য সভাৰ অধিৱেশন স্থগিত ৰাখিবৰ বাবে দাবী জনায়
8.6
as
বিষয়টো উখাপন কৰি তেওঁ লগতে আই পি এল ক্ৰিকেট প্ৰতিযোগিতা বাতিল কৰিবৰ বাবে আহান জনায়
4.64
as
তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব ব্ৰায়নে এই ভাইৰাছবিধৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাংসদসকলে সচেতনতা সৃষ্টি কৰিব লাগে বুলি পৰামৰ্শ দিয়ে
7.92
as
তেওঁ কয় যে কুকুৰাৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰিলে এই ভাইৰাছ নিবিয়পে
3.92
as
ইপিনে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱেও জনসাধাৰণক উৰা বাতৰি বিশ্বাস নকৰিবলৈ আৰু স্বাস্থ্য সন্মত নিয়মসমূহ পালন কৰিবলৈ আহান জনায়
8.16
as
শ্ৰীজয়শংকৰে ভাৰতীয় দুতাবাস আৰু আন বিষয়াবৰ্গৰ প্ৰয়াসৰো শলাগ লয়
4.28
as
প্ৰতিৰক্ষা মূখপাত্ৰ সম্বিত ঘোষে কয় যে বিমান বন্দৰত এই লোকসকলৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰা হৈছে
6.36
as
তাৰ পাছত এই লোকসকলক জেইশ্বালমাৰৰ সেনা সেৱা কেন্দ্ৰলৈ পঠিওৱা হয়
3.52
as
সেইমৰ্মে জনসাধাৰণে জনসমাগম এৰাই চলা উচিত
2.8
as
কোনো ব্যক্তিয়ে কাহ আৰু জুৰ অনুভৱ কৰিলে ব্যক্তিগৰাকীয়ে আন ব্যক্তিৰ সংস্পৰ্শ এৰাই চলিব লাগিব
4.64
as
চৰকাৰে কৰণা ভাইৰাছ সম্পৰ্কীয় তথ্য প্ৰদানৰ উদ্দেশ্যে এটা হেল্পলৈাইন নম্নৰো মুকলি কৰিছে
3.76
as
জনসাধাৰণে ক'ৰণা ভাইৰাছ বিষয়ক যিকোনো সাহায্যৰ বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰে
3.68
as
আলোচনাৰ উত্তৰ দি মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কয় যে অনন্য স্বকীয়তা থকা সংস্থত সাহিত্য দেশৰ বৃহৎ সম্পদ
7.2
as
তেওঁ কয় যে সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে সংস্থত ভাষা সন্দৰ্ভত গৱেষণা কৰি আছে আৰু কেইবাখনো বিশ্ববিদ্যালয়ত সংস্থত ভাষাৰ শিক্ষা প্ৰদান কৰি থকা হৈছে
7.8
as
মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সমগ্ৰ বিশ্বকে জান দি আহিছে
3.16
as
সংবাদমেলক সন্নোধি গৱৰ্ণৰ শ্ৰী দাসে দোহাৰে যে য়েছ বেংকত থকা জমাকাৰীসকলৰ ধন সম্পূৰ্ণৰূপে সুৰক্ষিত
5.92
as
পুনৰ গঠন যোজনাৰ বিষয়ে সবিশেষ দাঙি ধৰি গৱৰ্ণৰে কয় যে য়েছ বেংকত ধন জমা ৰখাক লৈ অনাৱশ্যক চিন্তা কৰাৰ বা ততাতৈয়াকৈ টকা উলিওৱাৰ কোনো প্ৰয়োজন নাই
8.68
as
তেওঁ জনসাধাৰণ তেওঁলোকৰ পৰিয়াল বদ্ধু বান্ধৰ আৰু সহকৰ্মীসকলক ভোট দিয়াৰ বাবে উদগণি জনাবলৈ অনুৰোধ জনায়
7.04
as
তেওঁ আশা কৰে যে সকলো যোগ্য যুৱক যুৱতীয়ে ভোট দিবলৈ নাম পঞ্জীয়ন কৰা নাই তেওঁলোকে সোণকালেই নাম পঞ্জীয়ন কৰক আৰু ভোটদান কৰি গণতন্ত্ৰক সমৃদ্ধ কৰক
9.72
as
প্ৰধানমন্ত্ৰীয়ে এখন ভোটাৰ কাৰ্ড পোৱা আৰু এটা ভোটদান কৰাটো বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ বাবে এটা উৎসৱত পৰিণত কৰিবলৈ আহান জনায়
8.4
as
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত এক বিচাৰপীঠে কৈছে যে লোকসেৱা আয়োগৰ দ্বাৰা মহানিৰ্দেশকৰ পদৰ বাবে পেনেল বনোৱা কাৰ্য সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত হব লাগে
10.36
as
ৰাজ্যখনৰ পৰিস্থিতি মল্যাংয়ণ কল্পে নিয়োগ কৰা তিনিগৰাকী বিশেষ পৰ্যবেক্ষকে কালি মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্তদ্বয় অশোক লাভাচা আৰু সুশীল চদ্ৰক সাক্ষাৎ কৰে
12.36
as
ৰাজ্যখনৰ দায়িত্বত থকা উপ নিৰ্বাচন আয়ুক্ত সন্দীপ ছাপ্পেনাই নিৰ্বাচনী পৰিস্থিতি সম্পৰ্কে তেওঁলোকক অৱগত কৰে আৰু ৰাজ্যখনৰ বিভিন্ন বিষয়ৰ বিৱৰণ দাঙি ধৰে
9.12
as
তেওঁলোকে কৈছে যে অভিযানৰ সময়ছোৱাত অঞ্চলটোৰ পৰা গ্ৰেনেড আৰু সক্ৰিয় গুলি উদ্ধাৰ কৰাৰ লগতে বহু সংখ্যক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে
8.16
as
শ্ৰী জাম্নেকাৰে কৈছে যে এই সিদ্ধান্তই পৰিয়ালসমূহক ন্যায় প্ৰদান কৰিছে
3.64
as
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰীজিনপিঙে যোৱা বছৰ এপ্ৰিল মাহত চীনৰ ওহানত প্ৰথমখন আনুষ্ঠানিক সম্মিলনত অংশগ্ৰহণ কৰিছিল
8.04
as
এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে চেন্নাইত অনুষ্ঠিত হবলগীয়া অনানুঠানিক সম্মিলনত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক আঞ্চলিক আৰু গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা অব্যাহত ৰখাৰ লগতে ভাৰত চীন বিকাশ সহযোগিতা অধিক সুদ্য় কৰাৰ বিষয়েও মত বিনিময় কৰিব
14.96
as
এই সন্মিলনৰ উদ্দেশ্য হৈছে উচ্চ পৰ্যায়ত সম্পৰ্ক গঢ়ি তোলা কৌশলগত বিষয়ত মত বিনিময় কৰাকে ধৰি দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্য় কৰা
7.72
as
চৰকাৰী সুত্ৰসমূহে জনাইছে যে এই সম্মিলন অনানুষ্ঠানিক হোৱাৰ পৰিপ্ৰেক্ষিতত চীনৰ ৰাট্টপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ছোৱাত কোনো চুক্তি স্বাক্ষৰিত কৰাৰ সম্ভাৱনা নাই
9.04
as
ভাৰত আৰু চীনে অহা ডিচেম্বৰত যুটীয়াভাৱে সন্নাসবাদ বিৰোধী অনুশীলন কৰাৰো সম্ভাৱনা আছে
4.16
as
এটা উচ্চস্তৰীয় সূত্ৰই কৈছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ চীন ভ্ৰমণৰ সৈতে শ্বি জিনপিঙৰ ভাৰত ভ্ৰমণৰ কোনো সম্বন্ধ নাই কিয়নো ইমৰান খানৰ চীন যাত্ৰাৰ সৈতে ভাৰতৰ কোনো সম্বন্ধ নাই
11.52
as
ভ্ৰমণৰ সময়চোৱাত চীনৰ ৰাট্টদূত চান ওৱে ডঙে কৈছে যে বাৰ্তালাপৰ জৰিয়তে দুয়োখন দেশৰ মাজত থকা সীমা সমন্ধীয় প্ৰশ্নটো মীমাংসা কৰা হব
7.44
as
সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত চীনৰ ৰাজদুতগৰাকীয়ে সীমাৰ প্ৰশ্নটো এটা জটিল আৰু স্পৰ্শকাতৰ বিষয় বুলি উল্লেখ কৰিছে
6.68
as
তেওঁ কালি দক্ষিণ পশ্চিম ফ্ৰান্সৰ মেৰিনিকত বিমান নিৰ্মাণ কোম্পানী ডসাম্টৰ নিৰ্মাণস্থলীত ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেন্সল পাৰ্লেৰ সৈতে বিমানৰ হস্তান্তৰ অনুষ্ঠানত উপস্থিত থাকে
11.84
as
শ্ৰীসিঙে নতুন ৰাফেল বিমানখনৰ শত্ৰ পূজা কৰাৰ পাছত উৰণ সমাপন কৰে
4.6
as
তেওঁ ভাৰতীয় বায়ুসেনা বিশ্বৰ চতুৰ্থ বৃহৎ বায়ুসেনা বুলি মন্তব্য কৰি কৈছে যে অঞ্চলটোত শান্তি আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাফেল বিমানে আমাৰ শক্তি আৰু বৃদ্ধি কৰিব
9.64
as
মেৰিনিকট সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কৈছে যে এই যুঁজাৰু বিমানৰ ফলত ভাৰতৰ যুদ্ধৰ ক্ষমতা অধিক বৃদ্ধি পাব
6.32
as
তেওঁ লগতে কয় যে ভাৰতে নিজৰ শক্তি বৃদ্ধি আৰু সুৰক্ষা প্ৰণালী শক্তিশালী কৰাৰ বাবেহে প্ৰতিৰক্ষাৰ সা সঁজুলি আৰু অস্ত্ৰ ক্ৰয় কৰে কোনো দেশক ভাবুকি দিবৰ কাৰণে নহয়
10.68
as
শ্ৰীসিঙে কৈছে যে এই হস্তান্তৰে ভাৰত আৰু ফ্ৰান্সৰ সামৰিক সহযোগীতাত এটা নতুন দিশৰ সূচনা কৰিলে
5.56
as
লিথিয়াম আয়ন বেটেৰীৰ বিকাশৰ বাবে এই বছৰ তিনি গৰাকী বৈজ্ঞানিক জন গুডেনাফ ষ্টেনলী ছইটিংহাম আৰু আকিৰা য়িঅচিনক সংযুক্তভাৱে এই বঁটা আগবেঢ়াৱা হৈছে
10.88
as
ৰয়েল চুইডিচ একাডেমীৰ সচিব গৰেন হেনচনে আজি এই কথা ঘোষণা কৰি কয় যে নবেল পুৰস্কাৰ প্ৰাপক আটাইকেইগৰাকীয়ে উচ্চ পৰ্যায়ৰ লোক
6.96
as
জন গুডেনাফ টেক্সাচ বিশ্ব বিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ বিশেষজ ষ্টেনলী ছইটিংহাম নিউইৰ্য়কৰ বিংহামটনৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আৰু আকিৰা য়িঅচিন হৈছে জাপানৰ আচাহী কাচেই প্ৰতিষ্ঠান আৰু মেইজ' বিশ্ববিদ্যালয়ৰ অধ্যাপক
12.8
as
আনহাতে কালি বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু ব্ৰহ্মাণ্ডত পথিৱীৰ স্থান সম্পৰ্কীয় জ্ঞান লাভৰ ক্ষেত্ৰত আগবঢ়োৱা অভূতপূৰ্ব বৰঙণিৰ বাবে কানাডাৰ জেমচ্ পিবল্স মাইকেল মেয়ৰ আৰু ডিডিঅৰ কুৱেলজলৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা কালি আগবঢ়োৱা হৈছে
13.6
as
মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব আৰু অহা শুকুৰবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন
5.16
as
আকাশবাণী জন্মুৰ সংবাদদাতাৰ সৈতে দলটোৰ মুখপাত্ৰ ৰবিল্ৰ শৰ্মাই কয় যে দলগত আধাৰত এক পক্ষীয়ভাৱে নিৰ্বাচনৰ দিন ঘোষণা কৰা সদ্বেও কংগ্ৰেছে এই নিৰ্বাচনত অংশ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল যদিও চৰকাৰ ফালৰ পৰা কোানো ধৰণৰ সহযোগিতা নোপোৱাৰ বাবে তেওলোকে এই নিৰ্বাচনত অংশগ্ৰহণ নকৰিবল সিদ্ধান্ত লয়
17.76
as
তেওঁ প্ৰকাশ কৰে যে দলটোবে কালি ৰাজ্যখনৰ মাণ্ডলিক উপায়ুক্ত জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী বিষয়া সকলোকো সাক্ষাৎ কৰিব
6.8
as
আয়োগে সদ্ধিয়ালৈ সংবাদ মাধ্যমৰ সৈতে হবলগীয়া বাৰ্তালোপৰ পূৰ্বে হাৰিয়ানাৰ মুখ্য সচিবৰ সৈতেও বৈঠকত মিলিত হ'ব
5.8
as
বিশ্ব ডাক দিৱসৰ উদ্দেশ্য হৈছে দৈনন্দিন জীৱনত ডাক সেৱাৰ ভুমিকাৰ লগে লগে সামাজিক আৰু আৰ্থিক বিকাশত ইয়াৰ যোগদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰা
8
as
প্ৰতিযোগিতাত আজি বাংলাদেশ আফগানিস্তানৰ মুখামুখি হ'ব
3.32
as
জানিব পৰা মতে এখন টেম্প ৰাজৌৰিৰ পৰা চাচানা গাঁৱলৈ গৈ থকা অৰস্থাত বুধেল অঞ্চলৰ কেৱাল জিলাত এটা দ খাৱৈত বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়
10.92
as
ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত হবলগীয়া এই বৈঠকত ৰাজ্যৰ মুখ্য সচিব মলয় দেয়ে অধ্যক্ষতা কৰিব
6.08
as
ৰাজ্যখনৰ জলসিঞ্চন পৌৰ নিগম পঞ্চায়ত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ সচিবসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব
6.68
as
ৰাজ্যখনৰ উদ্যোগমন্তী বিক্ৰম সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াকে ধৰি ৰাজ্যখনৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল তেওঁৰ সৈতে আছে
7.48
as
তেওঁৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে সংযুক্ত আৰব আমিৰী ৰাট্টখনৰ বিনিয়োগকাৰীসকলৰ বাবে হিমাচল প্ৰদেশৰ বিভিন্ন খণ্ডত বিনিয়োগৰ আকৰ্ষণ বৃদ্ধি কৰা
9.92
as
ভাৰতৰ হৈ গুৰজিৎ কৌৰে দুটাকৈ গল দিয়াৰ লগতে অধিনায়ক ৰাণী ৰামপালে ভাৰতৰ হৈ প্ৰথমটো গ'ল দিয়ে
6.8
as
আজি ভূপালত আয়োজিত এখন সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে এন ডি এ চৰকাৰে পূৰ্বৰ ইউ পি এ চৰকাৰে কেন্দ্ৰত সৃষ্টি কৰা বিশ্বাসযোগ্যতাৰ সংকটতো দূৰ কৰিবলৈ সক্ষম হৈছে
9.96
as
শ্ৰীসিঙে লগতে মধ্যপ্ৰদেশ আৰু আন ৰাজ্যসমূহৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপি বিজয় হ'ব বুলিও আশা প্ৰকাশ কৰে
6.68
as
অচিৰেই ছাইবাৰ আৰক্ষী গঠন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে
2.92
as
ইফালে উপ মুখ্য নিৰ্বাচন আয়ুক্ত চদ্ৰভূষণ কুমাৰৰ নেতৃত্তত নিৰ্বাচন আয়োগৰ এটা দলে আজি মুৰেনাৰ চম্বল খণ্ডৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়
8.64
as
মুখ্য নিৰ্বাচনী বিষয়া আশীষ কুদ্ৰাই কালি কান্হমুনত থকা ব্ৰু শৰমাৰ্থীসকলৰ বাবে ভোটগ্ৰহণ ব্যৱস্থাৰ তদাৰক কৰে
6.44
as
ৰাট্টপতিয়ে কয় যে অট্টেলিয়াত বাস কৰা ভাৰতীয়সকলে সকলোৰে পৰা উচ্চ সন্মান আদায় কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ বিখ্বতে ভাৰতীয় নিপুণ বৃত্তিধাৰীসকলৰ চাহিদা অতিকে বেছি
10.84
as
ছিডনীত প্ৰৱাসী ভাৰতীয়সকলে আয়োজন কৰা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত ভাষণ দি শ্ৰীকোবিন্দে কয় যে ভাৰতক আন্তঃৰাষ্ট্ৰীয় জগতৰ কাষ চপাই লৈ যোৱাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে গুৰুত্পূৰ্ণ সহযোগী হিচাপে কাম কৰি আহিছে
13.36
as
তেওঁ লগতে কয় যে বিগত সময়ছোৱাত অট্টেলিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক চকুত লগা ধৰণে বৃদ্ধি পাইছে
5.2
as
অট্টেলিয়াৰ বিভিন্ন প্ৰান্তত বাস কৰা ভাৰতীয়সকলে ৰট্টপতিৰ ভাষণ শুনিবলৈ বিপুল সংখ্যাত অহা পৰিলক্ষিত হয়
5.96
as
ইতিপূৰ্বে তেওঁ কেৰেলা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল
4.4
as
কাইলৈ কোচিত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হব
2.4
as
প্ৰাধনমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হব
6.28
as
এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ সম্প্ৰচাৰ কৰিব
4.6
as
প্ৰধানমন্ত্ৰীয়ে মাহেকীয়া অনুষ্ঠানটোৰ যোগেদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উখাপন কৰি আহিছে
4.16
as
প্ৰধানমন্ত্ৰীয়ে কৈছিল যে এতিয়া এই বিষয়টো সামাজিক অনুভূতি আৰু ৰাজহুৱা শিক্ষাৰ অভিযান হৈ পৰিছে
4.84
as
এই খণ্ডটোত তেওঁ কন্যা শিশুৰ শিক্ষা আৰু সৱলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উদ্যমৰ কথাও উল্লেখ কৰিছিল
5.84
as
তেওঁ লগতে ৰাজীৱ গান্ধীয়ে এডাল বৃহৎ গছ উভালি পৰিলে জোকাৰণি হয় বুলি কৰা মন্তব্যৰ সমালোচনা কৰে
5.84
as
তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ সচিব অমিত খাৰেই এই পেনোৰামা উদ্বোধন কৰে
3.64
as
উল্লেখযোগ্য যে দেশৰ শ্ৰেষ্ঠ ছবিসমূহ প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰা ভাৰতীয় পেনোৰামাই আঞ্চলিক চলচ্চিত্ৰ আৰু প্ৰতিভাৱান ছবি নিৰ্মাতাসকলক এখন উৎকৃষ্ট মঞ্চ প্ৰদান কৰি আহিছে
9.52
as
এই উপলক্ষে পয়গম্বৰ মহম্মদৰ জীৱনী আৰু শিকনিসমূহৰ ওপৰত আলোকপাত কৰি দেশৰ বিভিন্ন প্ৰান্তত মিলাড মেহফিল আৰু চিয়াৰৎ সভা আয়োজন কৰা হৈছে
8.28
as
এই উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ওলগ জনাইছে
7
as
এই উপলক্ষে বিশ্বজুৰি মীনপালক সম্প্ৰদায়ে সমাৱেশ কৰ্মশালা সাংস্কৃতিক অনুষ্ঠান প্ৰদশনীকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি মানৱ জীৱন পানী আৰু জলজ জীৱৰ গুৰুত্ সন্দৰ্ভত আলোকপাত কৰিছে
10.64
as
কৃষিমন্ত্ৰী ৰাধামোহন সিঙে এটা টুইটবাৰ্তাত নিয়োগৰ সুবিধা সৃষ্টি আৰু পুট্টিজনিত নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত মীনপালকসকলে লোৱা ভূমিকাক প্ৰশংসা কৰে
8.52
as
সাংবাদিকে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল ৰ'ব মেনিঙে ই মেইলযোগে কয় যে ৰট্টপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্দেশমৰ্মে এই সিদ্ধান্ত লোৱা হৈছে
10.48
as
অ'বামা প্ৰশাসনৰ দিনত আফগানিস্তান পাকিস্তান আৰু মধ্য এছিয়াৰ বাবে উপ সহকাৰী প্ৰতিৰক্ষা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা ডেভিড ছিডনীয়ে কয় যে এই বছৰ জানুৱাৰী মাহত আৰম্ভ কৰা সামৰিক সাহায্য বন্ধ কৰাৰ প্ৰক্ৰিয়াই পাকিস্তানক লৈ আমেৰিকা যুক্তৰট্টৰ হতাশাৰ এটা শক্তিশালী সংকেত বহন কৰিছে
16.88
as
তেওঁ সাংবাদিকৰ আগত কয় যে আমেৰিকা যুক্তৰাট্টৰ উদ্বেগ দূৰ কৰাৰ বাবে পাকিস্তানে এই পৰ্যন্ত কোনো গুৰুতৰ পদক্ষেপ লোৱা নাই
6.2
as
পাকিস্তানে চুবুৰীয়া ৰাট্টসমূহৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লোৱা সন্তাসবাদী গোটসমূহক উৎসাহ যোগোৱা কথাটোক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰই উদ্বেগ প্ৰকাশ কৰি আহিছে
8.32
as
কিম জং ইয়ঙে কৈছে যে সম্প্ৰতি সমগ্ৰ বিধ্বই সম্মুখীন হোৱা অভাৱনীয় পৰিৱৰ্তনৰ ফলত সামাজিক নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত বিৰাট প্ৰত্যাহানৰ সৃষ্টি হৈছে
8.84
as
এই প্ৰত্যাহানৰ মুখামুখি হোৱাৰ বাবে স্পষ্ট নীতিৰ প্ৰয়োজন বুলি নেতাগৰাকীয়ে মন্তব্য কৰে
4.48
as
এই কাৰ্যসূচীযোগে প্ৰশ্ন উত্থাপনৰ বাবে ছছিয়েল মিডিয়া ব্যৱহাৰৰ সুবিধাও মুকলি ৰখা হৈছে
4.4
as
ইফালে কংগ্ৰেছৰ মুখপাত্ৰ অজয় মাকানে ৰাজ্যখনৰ যুৱ প্ৰজন্ম নিয়োগ কৃষি কৃষক আৰু মহিলাৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহত বিজেপি নেতৃতাধীন চৰকাৰে সম্যক গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উখাপন কৰিছে
12.12
as
সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমাকানে কয় যে কেৱল ডেৰ লাখ যুৱক যুৱতীয়েহে চৰকাৰী চাকৰিৰ সুবিধা লাভ কৰিছে
6.52
as
মুছলমানসকলৰ মাজত থকা বহু বিবাহ আৰু নিকাহ হালালা প্ৰথাক প্ৰত্যাহান জনাই দাখিল কৰা এলানি আবেদনৰ শুনানি ল'বলৈ উচ্চতম ন্যায়ালয়ে আজি সন্মতি প্ৰকাশ কৰিছে
10.68
as
উল্লেখযোগ্য যে স্বামীনা বেগম নামৰ দিল্লীৰ এগৰাকী মহিলাই মূছলমানসকলৰ মাজত থকা বহু বিবাহ আৰু নিকাহ হালালা প্ৰথাক প্ৰত্যাহান জনাই আবেদন দাখিল কৰিছিল
9.76
as
স্বামীনা বেগমৰ হৈ অধিবক্তা ভি শেখৰ আৰু অশ্নিনী উপাধ্যায়ে এই বুলি অভিযোগ কৰে যে এই আবেদন প্ৰত্যাহাৰ কৰিবলৈ গুচৰীয়াক ভাবুকি দিয়া হৈছিল
9.64
as
ইফালে বিচাৰপীঠখনে অতিৰিক্ত চলিচিটৰজেনেৰেল তুষাৰ মেহতাক কেন্দ্ৰীয় চৰকাৰৰ হৈ এই বিষয়ত সহাৰি জনাবলৈ অনুমতি দিয়ে
7.88
as
নতুন দিল্লীত চলি থকা নৱম মুখ্য মিচন সম্মিলনত ভাষণ প্ৰদান কৰি শ্ৰী মোডীয়ে এইদৰে কয়
5.48
as
বিদেশ মন্ত্ৰী সুষমা স্বৰাজে তেওঁৰ মন্তব্যত কয় যে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বিশ্বত ভাৰতৰ ভাৱমৰ্তি আৰু সন্মান বুদ্ধি পাইছে
9.2
as
শ্ৰীসিঙে আজি সন্ধিয়া নতুন দিল্লীত এখন সমাৰোহৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইদৰে কয়
5.8
as